কেনেদৰে জানিব আপোনাৰ মুখ্য অংক (মূলাকং)?

অংক জ্যোতিষ সাপ্তাহিক ভাৱিষ্যতবাণী জনাৰ ক্ষেত্ৰত অংক জ্যোতিষ মূলাংকৰ যথেষ্ট গুৰুত্ব আছে। মূলাংকক জাতক জীৱনৰ মহত্বপূৰ্ণ অংক হিচাপে গণ্য কৰা হয়। আপোনাৰ জন্ম মাহটোৰ যি তাৰিখত হয় তাৰ যোগফল গণনা কৰাৰ পিছত যি অংক প্ৰাপ্ত হয়, সেই অংকটোকেই মূলাংক বুলি কোৱা হয়। মূলাকং 1 ৰপৰা 9 অংকৰ ভিতৰত যিকোনো হব পাৰে, উদাহৰণস্বৰূপে- যদিহে আপোনাৰ জন্ম কোনো মাহৰ 11 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক হ’ব 1+1 অৰ্থাৎ 2 । এনেদৰেই যিকোনো মাহৰ 1 তাৰিখৰপৰা 31লৈকে জন্ম হোৱা লোকসকলৰ বাবে 1 ৰপৰা 9 পৰ্য্যন্ত মূলাংকৰ গণনা কৰা হয়। এইদৰে সকলো জাতকৰ মূলাংক জানি লৈ ইয়াৰ আধাৰত সাপ্তাহিক ৰাশিফল জানিব পৰা যায়।

পৃথিৱীৰ বিদ্বান অংক জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু জানক কেৰিয়াৰ সম্বন্ধিত সকলো তথ্য

নিজৰ জন্মিথিৰপৰা জানক সাপ্তাহিক অংক জ্যোতিষ ৰাশিফল (21 জানুৱাৰীৰপৰা 27 জানুৱাৰী, 2024)

অংকজ্যোতিষে আমাৰ জীৱনত প্ৰত্যক্ষ প্ৰভাৱ পেলায় কিয়নো সকলো সংখ্যা বা অংকৰ আমাৰ জন্ম তাৰিখৰ সৈতে সম্পক আছে। তলৰ প্ৰবন্ধটোত, আমি ইতিমধ্যে কৈছোঁ যে প্ৰতিগৰাকী ব্যক্তিৰ জন্ম তাৰিখ অনুসৰি, এটা মূলাংক নিৰ্ধাৰণ কৰা হয় আৰু এই সকলোবোৰ অং ভিন ভিন গ্ৰহৰদ্বাৰা শাসিত।

উদাহৰণস্বৰূপে, মূলাংক 1ৰ ওপৰত সূৰ্য্য দেৱতাৰ আধিপত্য থাকে। চন্দ্ৰমা হৈছে মূলাংক 2ৰ স্বামী। অংক 3 ৰ ওপৰত দেৱ গুৰু বৃহস্পতিৰ আধিপত্য আছে, ৰাহু হৈছে অংক 4ৰ ৰজা। অং 5 হৈছে বুধ গ্ৰহৰ অধীন। 6 অংকৰ ৰজা শুক্ৰ দেৱতা আৰু 7 অংক হৈছে কেতু গ্ৰহৰ। শনি দেৱতাক অংক 8 ৰ স্বামী হিচাপে গণ্য কৰা হয়। অংক 9 হৈছে মঙ্গল গ্ৰহৰ অংক আৰু এই গ্ৰহসমূহৰ পৰিৱৰ্তনৰ ফলত জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে।

বৃহ’ কুণ্ডলীত নিহিত হৈ আছে আপোনাৰ জীৱনৰ বহুতো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

মূলাংক 1

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 1, 10, 19 বা 28 তাৰিখত হৈছে)

এই মূলাংকৰ লোকসকলৰ ঘৰৰ বৈভৱ বৃদ্ধি হ'ব আৰু তেওঁলোকৰ আচৰণত এক পেছাদাৰী আভাস ফুটি উঠিব। কৰ্মক্ষেত্ৰত আপুনি এক পৃথক পথত আগবাঢ়িব। এই সময়ছোৱাত আপুনি যথেষ্ট কঠিন কামো অতি সহজেই কৰি দিব আৰু আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। এই সপ্তাহত আপুনি আপোনাৰ প্ৰশাসনিক গুণৰ সহায়ত কঠিন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ ইতিবাচক মনোবৃত্তিৰ বাবে আপুনি কঠিন সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সফল হ'ব।

প্ৰেম জীৱন: আপোনাৰ অটুত প্ৰেমৰ ফলস্বৰূপে আপুনি আৰু আপোনাৰ জীৱনসঙ্গী দুয়ো পৰস্পৰৰ কাষ চাপি আহিব আৰু ইয়াৰ ফলস্বৰূপে আপোনালোক দুয়োৰে মাজৰ ঘনিষ্ঠতা বৃদ্ধি পাব। এই সপ্তাহত আপুনি আপোনাৰ সঙ্গীৰ প্ৰতি অধিক আৱেগিক আসক্তি অনুভৱ কৰিব। এনেদৰে আপুনি আপোনাৰ সম্পৰ্কটো সফল আৰু প্ৰেমেৰে পৰিপূৰ্ণ কৰি ৰাখিবলৈ সক্ষম হ'ব।

শিক্ষা: এই সপ্তাহত, ঔষধ, আইন আৰু ব্যৱস্থাপনা সম্পৰ্কীয় পাঠ্ক্ৰম অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলে উন্নতি লাভ কৰিব। আপোনাৰ একাগ্ৰতাৰ ক্ষমতা ভাল হ'ব আৰু ইয়াৰ সহায়ত আপুনি পৰীক্ষাত ভাল নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব। এই মূলাংকৰ শিক্ষাৰ্থীসকলেও অধ্যয়নৰ বাবে বিদেশলৈ যোৱাৰ সুযোগ লাভ কৰিব পাৰে আৰু এই সুযোগটো আপোনাৰ বাবে অতি বিশেষ প্ৰমাণিত হ'ব।

বৃত্তিগত জীৱন: আপুনি চাকৰিৰ উন্নত আৰু নতুন সুযোগ লাভ কৰিব। কৰ্মক্ষেত্ৰত আপুনি অত্যন্ত উন্নতি লাভ কৰিব আৰু আপুনি বিদেশৰপৰা চাকৰিৰ সুযোগ প্ৰাপ্ত কৰিব পাৰে। আনহাতে, ব্যৱসায়ীসকলে লাভ প্ৰাপ্ত কৰাৰ সুযোগ পাব আৰু তেওঁলোকে নিজৰ কৌশলৰদ্বাৰা উন্নতি লাভ কৰিব।

স্বাস্থ্য: সাহস আৰু দৃঢ় সংকল্পৰ সহায়ত আপুনি নিজৰ স্বাস্থ্য সন্তুলিত কৰি ৰাখিবলৈ সক্ষম হ’ব। আধ্যাত্মিকতা আৰু যোগত বিলীন হৈ থাকি আপুনি উত্তম স্বাস্থ্যৰ আনন্দ উপভোগ কৰিব পাৰিব।

উপায়: সূৰ্য্য দেৱতাৰ বাবে দেওবাৰে যজ্ঞ-হোম কৰক।

মূলাংক 2

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20 বা 29 তাৰিখে হৈছে)

এই মূলাংকৰ লোকসকলৰ দীঘলীয়া দূৰত্ব ভ্ৰমণৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব পাৰে আৰু তেওঁলোকে নিজৰ সৃষ্টিশীল প্ৰতিভা বৃদ্ধি কৰিবৰ বাবে প্ৰয়াস কৰিব পাৰে। এই লোকসকল বিপৰীত লিংগৰ লোকসকলৰ সৈতে অতি আৱেগিক হয় আৰু সহজেই তেওঁলোকৰ ঘনিষ্ঠ হয়। জলপথৰ ভ্ৰমণৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বৃদ্ধি পাব পাৰে। ইয়াৰ উপৰিও এই যাত্ৰাৰ জৰিয়তে তেওঁলোকে নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰাৰ কথাও ভাবিব পাৰে।

প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে তৰ্ক কৰাটো পৰিহাৰ কৰা উচিত। যদিহে আপুনি আপোনালোকৰ সম্পৰ্কত ৰোমাঞ্চ উপভোগ কৰিব বিচাৰে, তেন্তে আপুনি জীৱনসঙ্গীৰ সৈতে কিছু মিলা-মিছা কৰি চলিব লাগিব। পৰিয়াললৈ কিছু সমস্যা আহিব পাৰে, কিন্তু আপুনি এই পাৰিবাৰিক সমস্যাবোৰ আপোনাৰ নিজৰ ধৰণে সমাধান কৰিব লাগিব। জীৱনসঙ্গীৰ সৈতে কোনো ধৰ্মীয় ভ্ৰমণলৈ যাব পাৰে, যাৰ বাবে আপুনি ভাল অনুভৱ কৰাব। সামগ্ৰিকভাৱে, এই সপ্তাহত আপোনাৰ জীৱনত প্ৰেম আৰু ৰোমাঞ্চ হ্ৰাস পাব পাৰে।

শিক্ষা: আপুনি এই সপ্তাহত অধিক মনোযোগেৰে অধ্যয়ন কৰিব লাগিব কিয়নো এই সময়খিনিত আপুনি অধ্যয়নৰ পৰা বিচলিত হ'ব পাৰে। পৰীক্ষাত সফলতা প্ৰাপ্ত কৰিবৰ বাবে শিক্ষাৰ্থীসকলে কঠোৰ পৰিশ্ৰম আৰু পৰিকল্পনাৰে অধ্যয়ন কৰিব লাগিব। কিন্তু, শিক্ষাৰ ক্ষেত্ৰত আপুনি কিছু সাৱধান হ'ব লাগিব। ৰসায়ন বিজ্ঞান আৰু আইনৰ দৰে বিষয় অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকল এই সপ্তাহত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আপুনি যুক্তিসঙ্গত হৈ অধ্যয়ন কৰিব লাগিব। আপুনি সহপাঠীসকলৰ মাজত আপোনাৰ এক সুকীয়া স্থান গঢ় দিবলৈ চেষ্টা কৰিব।

বৃত্তিগত জীৱন: চাকৰিয়াল লোকসকলে কৰ্মক্ষেত্ৰত কোনো ভুল কৰিব পাৰে, যাৰ বাবে কৰ্মক্ষেত্ৰত আপোনাৰ বিকাশৰ পথত বাধা আহিব পাৰে। একে সময়তে, আপোনাৰ নিজৰ ভুলৰ বাবে আপোনাৰ হাতৰ পৰা চাকৰিৰ সুযোগো হেৰাব পাৰে। আপুনি কামত কৰা ভুলৰ বাবে আপোনাৰ জ্যেষ্ঠসকল আপোনাৰ ওপৰত ক্ৰোধিত হ’ব পাৰে। ব্যৱসায়ীসকলে তেওঁলোকৰ ব্যৱসায় ভালদৰে পৰিচালা কৰিব আৰু এনে পৰিস্থিতিত, আপুনি এই সময়খিনিত মধ্যমীয়া লাভ প্ৰাপ্ত কৰিব বুলি আশা কৰা হৈছে। এনে পৰিস্থিতিও হ'ব পাৰে, যেতিয়া আপোনাৰ কোনো লাভ বা কোনো লোকচান নহ’ব।

স্বাস্থ্য: আপুনি নিজৰ শাৰীৰিক স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব লাগিব কিয়নো পানীলগা জ্বৰ হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ নিদ্ৰা নোহোৱাৰ সম্ভাৱনা আছে। আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগ দিব লাগিব আৰু লগতে আপোনাৰ ফিটনেছ পুণৰ ঘূৰাই আনিব লাগিব।

উপায়: দৈনিক 21 বাৰ 'ঔঁ চন্দ্ৰায় নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 3

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21 বা 30 তাৰিখে হৈছে)

এই মূলাংকৰ লোকসকল আধ্যাত্মিকতাৰ প্ৰতি অধিক আগ্ৰহী হয় আৰু তেওঁলোকে দীঘলীয়া দূৰত্ব ভ্ৰমণ কৰিবলৈ পছন্দ কৰে। এই ৰাশিৰ লোকসকলে বহুতো ভাষা ক'বলৈ আৰু শিকিবলৈ ভাল পায় আৰু তেওঁলোকে বহুতো ভাষাত কথা পাতিব পাৰে। তেওঁলোক অতি অহংকাৰী প্ৰকৃতিৰ হয়, কিন্তু এই সপ্তাহত তেওঁলোকৰ তেৰা-বেঁকাকৈ কথা কোৱাৰ স্বভাৱৰ পৰিৱৰ্তে পোনপটীয়াকৈ কথা পতা দেখা যাব।

প্ৰেম জীৱন: আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজত ৰোমাঞ্চ বৃদ্ধি হোৱা দেখা যাব। আপোনালোক দুয়োৱে পৰস্পৰৰ সৈতে এনেদৰে বাৰ্ত্তালাপ কৰিব যাতে আপোনাৰ মাজত পাৰস্পৰিক মিলাপ্ৰীতি ভাল হ'ব। আপোনালোক দুয়োজনে পৰিয়ালৰ যিকোনো কাৰ্যসূচীৰ বিষয়ে পৰস্পৰৰ লগত আলোচনা কৰিব। আপুনি আপোনাৰ সঙ্গীৰ সন্মুখত যি চিন্তা প্ৰকাশ কৰিব, তাৰ আঁৰত কিবা এটা উদ্দেশ্য লুকাই থাকিব আৰু আপোনালোক দুয়োৰে মাজত প্ৰেম বৃদ্ধি হ'ব। আপুনি আপোনাৰ জীৱনসঙ্গীৰ সৈতে আপোনাৰ পাৰিবাৰিক সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিব।

শিক্ষা: এই সপ্তাহটো শিক্ষাৰ্থীসকলৰ বাবে উত্থান-পতনেৰে পৰিপূৰ্ণ হ'ব আৰু আপুনি পেছাদাৰীভাৱে অধ্যয়ন কৰিব। ব্যৱস্থাপনা আৰু ব্যৱসায় প্ৰশাসনৰ দৰে পাঠ্যক্ৰমবোৰ আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ'ব। আপুনি উচ্চ শিক্ষাৰ বাবে বৃত্তিগত অধ্যয়নতো নাম ভৰ্তি কৰিব পাৰে আৰু আপুনি ইয়াত উৎকৃষ্ট প্ৰদৰ্শন কৰিব হ'ব। এই বিষয় বা ক্ষেত্ৰবোৰে আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা উন্নত কৰিব আৰু ইয়াৰদ্বাৰা আপুনি উন্নত ধৰণে আপোনাৰ সিদ্ধান্তবোৰ ৰূপায়ণ কৰিব পাৰিব।

বৃত্তিগত জীৱন:এই সপ্তাহত আপুনি নতুন চাকৰিৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে আৰু আপুনি এই সুযোগবোৰ লাভ কৰি যথেষ্ট সুখী অনুভৱ কৰিব। নতুন চাকৰিৰ সুযোগত আপুনি সম্পূৰ্ণ দক্ষতাৰে আপোনাৰ কৌশল প্ৰদৰ্শন কৰিব। আপুনি কোনো অন-চাইট চাকৰিও লাভ কৰিব পাৰে যাৰ বাবে আপুনি সন্তুষ্ট অনুভৱ কৰিব। আপুনি এই কামটোত দীঘলীয়া দূৰত্ব ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে পাৰে। ব্যৱসায়ীসকলে কোনো নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে য'ত তেওঁলোকে ভাল লাভ কৰিব বুলি আশা কৰা হৈছে। ব্যৱসায়ৰ ক্ষেত্ৰত, আপুনি নিজৰ প্ৰতিদ্বন্দীসকলতকৈ এখোজ আগবাঢ়ি থাকিব আৰু তেওঁলোকৰ বাবে এক প্ৰত্যাহ্বান হিচাপে থিয় দিব পাৰিব।

স্বাস্থ্য: এই সপ্তাহত আপোনাৰ স্বাস্থ্য ভালে তাকিব আৰু আপুনি উৎসাহ আৰু উদ্যমেৰে পৰিপূৰ্ণ অনুভৱ কৰিব। ইতিবাচক শক্তিৰ বাবে আপোনাৰ স্বাস্থ্য লাভাম্বিত হ'ব। আশাবাদী হৈ থকাৰ বাবে, আপোনাৰ স্বাস্থ্যও ভালে থাকিব আৰু এনে পৰিস্থিতিত, আপুনি নিজৰ শাৰীৰিক স্বাস্থ্য উন্নত কৰি ৰাখিবলৈ সক্ষম হ'ব।

উপায়: দৈনিক 21 বাৰ 'ঔঁ গুৰৱে নমঃ' মন্ত্ৰ জপ কৰক।

বৃহৎ কুণ্ডলীত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলোবোৰ গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

মূলাংক 4

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22 বা 31 তাৰিখে হৈছে)

मूलांक 4 ৰ জাতকসকল অত্যন্ত আৱেগিক হোৱাৰ লগতে তেওঁলোকে বিভিন্ন ধৰণৰ বিলাসী বস্তু উপভোগ কৰিব বিচাৰে। এনে পৰিস্থিতিত, তেওঁলোকে কেতিয়াবা অধিক ব্যয় কৰি নিজকে সমস্যাত পেলায়। সাধাৰণতে, এই লোকসকলে ফুৰা-চকা কৰিবলৈ খুব পছন্দ কৰে আৰু তেওঁলোকে এই দিশত আগবাঢ়িবলৈ চেষ্টা কৰে। কেতিয়াবা এই লোকসকলে আৱেগৰ ভিত্তি সিদ্ধান্ত লোৱাৰ বাবে সমস্যাত পৰে।

প্ৰেম জীৱন: আপোনাৰ মনত চলি থকা কল্পনাবোৰ আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত বিতৰ্ক মুখ্য কাৰণ হ’ব পাৰে। আপোনাৰ জীৱনসঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ আপুনি কিছু পৰিৱৰ্তন কৰিব লাগিব। আপুনি আপোনাৰ জীৱনসঙ্গীৰ সৈতে কিছু মিলা-মিছা কৰি আগবাঢ়িব লাগিব যাতে আপোনাৰ প্ৰেম জীৱন সুখেৰে ভৰি থাকে। আপোনালোক দুয়োৰে মাজত কিছুমান সমস্যাৰ সমাধান নহ'ব পাৰে আৰু ইয়াৰ বাবে, আপোনালোক দুয়োৱে পৰস্পৰৰ সৈতে সঘনাই কথা পাতিব লাগিব।

শিক্ষা: মন বিচলিত হোৱাৰ বাবে আপুনি শ্ৰেণীকোঠাত মনোযোগ দিব নোৱাৰিব পাৰে, সেয়েহে এই সপ্তাহত আপুনি আপোনাৰ অধ্যয়নৰ প্ৰতি অধিক একাগ্ৰ হোৱাৰ প্ৰয়োজন আছে। আপুনি অধ্যয়নত নতুন প্ৰকল্পত কাম কৰিব, সেয়েহে আপুনি এই প্ৰকল্পবোৰত অধিক সময় দিব লাগিব। আপোনাৰ শিকাৰ ক্ষমতা কিছু দুৰ্বল হ'ব পাৰে, যাৰ ফলত আপুনি শিক্ষাৰ শীৰ্ষত উপনীত হ'বলৈ অসমৰ্থ হ'ব পাৰে।

বৃত্তিগত জীৱন: প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ উপযুক্ত প্ৰশংসা লাভ নকৰাৰ বাবে চাকৰিয়াল লোকসকলে তেওঁলোকৰ বৰ্তমানৰ চাকৰিৰ ক্ষেত্ৰত অসন্তুষ্ট অনুভৱ কৰিব পাৰে। ইয়াৰ বাবে, আপুনি কিছু হতাশ হোৱাৰ সম্ভাৱনা আছে। আপুনি চাকৰিৰ ক্ষেত্ৰত অধিক চাপৰ সন্মুখীন হ'বলগীয়া হ’ব পাৰে আৰু এই পৰিস্থিতিবোৰে আপোনাক আমনি কৰিব পাৰে। ব্যৱসায়ীসকলে লেনদেনৰ জৰিয়তে অধিক লাভ অৰ্জন কৰাৰ ক্ষেত্ৰত জটিলতাৰ সম্মুখীন হ’ব। ইয়াৰ লগতে, অংশীদাৰী ব্যৱসায় কৰা লোকসকলৰ তেওঁলোকৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে ব্যৱধান আহিব পাৰে। এই সময়খিনিত আপোনাৰ কোনো লাভ বা কোনো লোকচান নহ'ব।

স্বাস্থ্য: এই সপ্তাহত আপোনাৰ পাচনৰ সমস্যা হ'ব পাৰে, সেয়েহে আপুনি সময়মতে খাদ্য গ্ৰহণ কৰা উচিত। এই সপ্তাহত দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে, আপোনাৰ এনে সমস্যা হোৱাৰ সম্ভাৱনা আছে। আপুনি কান্ধ আৰু ভৰিৰ জঠৰতা অনুভৱ কৰিব পাৰে।

উপায়: দৈনিক 22 বাৰ 'ঔঁ দুৰ্গায় নমঃ' মন্ত্ৰ জপ কৰক।

বৰ্ষ 2024 ত কেনে থাকিব আপোনাৰ স্বাস্থ্য? স্বাস্থ্য ৰাশিফল 2024ৰ জৰিয়তে লাভ কৰক উত্তৰ

মূলাংক 5

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14 বা 23 তাৰিখে হৈছে)

এই সপ্তাহত, মূলাংকৰ 5-ৰ লোকসকলৰ আচৰণ যুক্তিসঙ্গত আৰু প্ৰণালীবদ্ধ ধৰণৰ হয়। এই সময়খিনিত, এই জাতকসকলে জটিল কামবোৰ সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। তেওঁলোকৰ শ্যেয়াৰ বজাৰৰ পৰা ধন উপাৰ্জন কৰাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব পাৰে। যদিহে তেওঁলোকে নিজৰ মনৰ কথা শুনিব, তেনেহ’লে অধিক সফলতা লাভ কৰাৰ সম্ভাৱনা আছে।

প্ৰেম জীৱন: আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ সম্পৰ্কত উচ্চ মূল্যবোধ স্থাপন হ'ব। আপুনি আপোনাৰ জীৱনসঙ্গী সৈতে মুকলিকৈ কথা পাতিব পাৰিব আৰু আনৰ বাবে এক ভাল উদাহৰণ স্থাপন কৰিবলৈ সক্ষম হ’ব। জীৱনসঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্ক প্ৰেমেৰে পৰিপূৰ্ণ হ'ব। আপোনালোক দুয়ো পৰস্পৰৰ সুখৰ কাৰণ হ'ব। এই সপ্তাহত আপুনি আপোনাৰ জীৱনসঙ্গীক ক’ৰবালৈ ফুৰাবলৈ লৈ যাব পাৰে।

শিক্ষা: শিক্ষাৰ ক্ষেত্ৰত আপুনি সুন্দৰ প্ৰদৰ্শন কৰিব আৰু কঠোৰ পৰিশ্ৰমৰ বলত আপুনি কঠিন বিষয়বোৰো সহজেই আয়ত্ব কৰিব পাৰিব। মেকানিকেল ইঞ্জিনিয়াৰিং, লজিষ্টিক আৰু ঐচ্ছিক পৰিসংখ্যাৰ দৰে বিষয়বোৰ আপোনাৰ বাবে অতি সহজ হ'ব। আপুনি ব্যৱসায়িক পৰিসংখ্যা আৰু অৰ্থনীতিৰ দৰে নতুন বিষয়তো ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব।

বৃত্তিগত জীৱন: এই সপ্তাহত আপুনি আপোনাৰ দক্ষতা আৰু সামৰ্থ্য জানিব পাৰিব আৰু উৎসাহেৰে কামত লাগিব। আপুনি আপোনাৰ কামৰ ক্ষেত্ৰত যথেষ্ট পেছাদাৰী হ'ব আৰু কৰ্মক্ষেত্ৰত আপুনি যি প্ৰয়াস কৰিব তাৰ বাবে আপুনি পদোন্নতি লাভ কৰাৰ যোগ আছে। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ক সফলতাৰ শিখৰলৈ লৈ যাব পাৰিব আৰু ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁলোকৰ আধিপত্য প্ৰতিষ্ঠা হ’ব। আপুনি আপোনাৰ প্ৰতিদ্বন্দীসকলক এক কঠোৰ প্ৰতিদ্বন্দিতা দিবলৈ আৰু নিজকে এগৰাকী সফল উদ্যোগী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। আপুনি আপোনাৰ ব্যৱসায়ৰ বাবে এক নতুন ৰণনীতিও প্ৰস্তুত কৰিব পাৰিব।

স্বাস্থ্য: উচ্চ স্তৰৰ শক্তি আৰু নিয়মীয়া ব্যায়ামৰ বাবে, এই সপ্তাহত আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপুনি উৎফুল্লিত হৈ থাকিব, যি আপোনাক স্বাস্থ্য ভালে ৰখাত সহায় কৰিব। ইয়াৰ বাহিৰেও, আপোনাৰ সাহসী হোৱাৰ দৃঢ় ইচ্ছা থাকিব আৰু ইয়াৰ বাবে আপোনাৰ স্বাস্থ্যও ভাল হৈ থাকিব।

উপায়: দৈনিক 41 বাৰ 'ঔঁ নমো নাৰায়ণ' মন্ত্ৰ জপ কৰক।

পাওক আপোনাৰ সোঁৱৰণি আধাৰিত সঠিক শনি প্ৰতিৱেদন

মূলাংক 6

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15 বা 24 তাৰিখে হৈছে)

মূলাংক 6 ৰ লোকসকলে সফলতা প্ৰাপ্ত কৰিবৰ বাবে নিজৰ ভিতৰত সৃষ্টিশীলতা বৃদ্ধি কৰাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব। এই লোকসকল দীঘলীয়া দূৰত্ব ভ্ৰমণ কৰাৰ প্ৰতি আগ্ৰহী হ'ব পাৰে আৰু তেওঁলোকে এনে ভ্ৰমণত যোগদান কৰাৰ সুযোগ লাভ কৰিব পাৰে। তদুপৰি, এই জাতকসকলে নিজকে সকলো গুণেৰে সম্পন্ন কৰি তুলিব বিচাৰে। এই সপ্তাহত আপুনি দীঘলীয়া দূৰত্বৰ ভ্ৰমণত ব্যস্ত থাকিব।

প্ৰেম জীৱন: আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত পাৰস্পৰিক মিলা-মিছা বৃদ্ধি হ’ব। আপুনি সাম্প্ৰতিক পৰিস্থিতিৰ সৈতে নিজকে খাপ খুৱাবলৈ আৰু আপোনাৰ জীৱনসঙ্গীৰ সৈতে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আপুনি আপোনাৰ জীৱনসঙ্গীৰ সৈতে ক’ৰবাত ফুৰিবলৈও যাব পাৰে আৰু এই সময়ছোৱাত আপোনালোক দুয়োৱে যথেষ্ট সুখী অনুভৱ কৰিব। এই সময়ছোৱাত আপোনালোক দুয়োৰে মাজৰ সম্পৰ্ক শক্তিশালী হ'ব।

শিক্ষা: আপুনি উচ্চ শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰিবৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ থাকিব। আপোনাৰ ভিতৰত সোমাই থকা সামৰ্থ্য বা দক্ষতাই আপোনাক অধ্যয়নৰ ক্ষেত্ৰখনত শীৰ্ষস্থানলৈ যোৱাত সহায় কৰিব। অধ্যয়নত, আপুনি নিজৰ দক্ষতা আৰু প্ৰচেষ্টাৰ সহায়ত ভাল নম্বৰ প্ৰাপ্ত কৰিব পাৰিব। এই গুণৰ বাবে, আপোনাৰ সহপাঠীসকলৰ মাজত আপোনাৰ খ্যাতি বৃদ্ধি হ'ব।

বৃত্তিগত জীৱন: আপুনি এই সপ্তাহত নতুন চাকৰিৰ সুযোগ লাভ কৰি সুখী অনুভৱ কৰিব। আপুনি বিদেশৰ পৰাও ভাল সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে আৰু আপুনি এই সুযোগবোৰৰ পৰা বহুত ভাল লাভ প্ৰাপ্ত কৰিব বুলি আশা কৰা হৈছে। আপুনি নিজৰ কামত যিয়েই প্ৰচেষ্টা কৰিব তাৰ সহায়ত আপুনি কামত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। এনে পৰিস্থিতিত, জ্যেষ্ঠ বিষয়া আৰু সহকৰ্মীসকলৰ মাজত আপোনাৰ মান-যশ বৃদ্ধি হ'ব। আনহাতে ব্যৱসায়ীসকলে ব্যৱসায়ত নিজৰ স্থিতি বজাই ৰখাৰ লগতে লাভ অৰ্জন কৰিবলৈ সক্ষম হ’ব। লগতে, আপুনি সহজ অনুভৱ কৰিব।

স্বাস্থ্য: আত্মবিশ্বাস বৃদ্ধি হোৱাৰ বাবে, আপুনি উদ্যমেৰে পৰিপূৰ্ণ হৈ থাকিব। এই সপ্তাহটোত আপুনি মানসিকভাৱে শক্তিশালী আৰু দৃঢ় সংকল্পবদ্ধ হৈ থাকিব। ইয়াৰ বাবে, আপোনাৰ শাৰীৰিক স্বাস্থ্যও ভালে থাকিব। আপোনাৰ সাহস নেহেৰুৱা মনোভাৱৰ বাবে আপুনি ইতিবাচক হৈ থাকিব আৰু আপুনি সুস্থ হৈ থাকিব।

উপায়: দৈনিক 33 বাৰ 'ঔঁ শুক্ৰায় নমঃ' মন্ত্ৰ জপ কৰক।

পাওক আপোনাৰ কুণ্ডলী আধাৰিত সঠিক শনি প্ৰতিৱেদন

মূলাংক 7

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16 বা 25 তাৰিখে হৈছে)

মূলাংক 7ৰ জাতকসকলে এই সপ্তাহত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ দক্ষতা বৃদ্ধি পাব। এই লোকসকলৰ আধ্যাত্মিক প্ৰৱণতা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু তেওঁলোক ভৌতিক সুখ-সাধনৰ প্ৰতি বিশেষ আগ্ৰহী নহয়। তেওঁলোকে তীৰ্থযাত্ৰা বা আধ্যাত্মিক উদ্দেশ্যৰ বাবে কোনো যাত্ৰা কৰিব পাৰে।

প্ৰেম জীৱন: এই সপ্তাহত আপোনাৰ জীৱনসঙ্গীৰ সৈতে কোনো অযথা বিতৰ্ক হ'ব পাৰে আৰু ইয়াৰ বাবে, আপোনালোক দুয়োৰে মাজৰ সম্পৰ্কলৈ তিক্ততা অহাৰ সম্ভাৱনা আছে, সেয়েহে আপোনাক এই সময়খিনিত আপোনাৰ সঙ্গীৰ সৈতে সম্পৰ্কত কিছু মিলা-মিছা বজাই ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। সম্পৰ্কত সুখ আৰু শান্তি বজাই ৰাখিবৰ বাবে আপুনি শান্ত হৈ থকাটো অতি প্ৰয়োজনীয় হ'ব।

শিক্ষা:এই সময়খিনিত আপোনাৰ শিকাৰ সামৰ্থ্য কিছু দুৰ্বল হ'ব পাৰে, সেয়েহে অধ্যয়নৰ ক্ষেত্ৰত এই সময়খিনি আপোনাৰ বাবে বিশেষ ফলদায়ক নহ'ব। অধ্যয়নত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে। ইয়াৰ বাহিৰেও, উচ্চ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই সময়খিনি বিশেষ ভাল প্ৰমাণিত নহ'ব।

বৃত্তিগত জীৱন: এই সময়খিনিত চাকৰিয়াল জাতকসকলৰ নিজৰ জ্যেষ্ঠ্য বিষয়াৰ সৈতে তৰ্ক হোৱাৰ আশংকা আছে সেয়েহে এই সময়খিনিত আপোনাৰ তেওঁলোকৰ সৈতে তৰ্ক হোৱাৰ আশংকা আছে। সেয়েহে আপুনি তেওঁলোকৰ সৈতে কিছু সাৱধানেৰে থকা উচিত। জ্যেষ্ঠ্য বিষয়াসকলে আপোনাৰ কামৰ দক্ষতাৰ ওপৰত প্ৰশ্ন কৰিব পাৰে। আনহতে, গুৰুত্বহীনতাৰ বাবে আপোনাৰ কামত কিছু ভুল হ’ব পাৰে। ব্যৱসায়ীসকলে লাভৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব কাৰণ এই সময়খিনি আপোনাৰ হাতৰপৰা হেৰাই যাব পাৰে।

স্বাস্থ্য: আপুনি বাহন চলোৱাৰ সময়ত যথেষ্ট সাৱধানতা অৱলম্বৱ কাৰ উচিত কাৰণ এই সপ্তাহত আপুনি দুৰ্ঘটনাৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে। ঘৰত কোনো বৈদ্যুতিক সঁজুলিত জুই লগাৰো আশংকা আছে।

উপায়: প্ৰতিদিনে 41 বাৰ 'ঔঁ গণেশায় নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 8

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17 বা 26 তাৰিখে হৈছে)

মূলাংক 8 ৰ জাতকসকল নিজৰ কামক লৈ যথেষ্ট সতৰ্কৱান হৈ থাকিব। তেওঁলোকৰ লক্ষ্য কৰ্মক্ষেত্ৰত সফলতা লাভ কৰা আৰু নাম অৰ্জন কৰা হ’ব পাৰে। এই লোকসকল সদায় নিজৰ কামক লৈ ব্যস্ত হৈ থাকে আৰু কেতিয়াও এনেয়ে থাকিবলৈ পছন্দ নকৰে। এওঁলোক নিজৰ কামৰ প্ৰতি দায়ৱদ্ধ হয় আৰু ইয়াৰদ্বাৰা তেওঁলোকে ভাল সফলতা প্ৰাপ্ত কৰিবলৈ সক্ষম হয়।

প্ৰেম জীৱন: এই সপ্তাহটো পাৰিবাৰিক সমস্যাৰ কাৰণে আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত দূৰত্ব বৃদ্ধি হ’ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত সুখ-শান্তি ভংগ হ’ব পাৰে। আপুনি সকলো যেন হেৰুৱাই পেলাইছে তেনে অনুভৱ হ’ব পাৰে। আপোনাৰ বাবে জীৱনসঙ্গীৰ সৈতে কিছু মিলা-মিছা কৰি চলাটো আৰু মধুৰ সম্পৰ্ক ধৰি ৰখাটো আৱশ্যকীয় হ’ব। যদিহে আপুনি সম্পৰ্কত আছে তেনেহ’লে আপুনি এই সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিব পাৰে।

শিক্ষা: এই সময়খিনিত আপুনি শিক্ষাৰ ক্ষেত্ৰত মনোযোগ কেন্দ্ৰিত কৰিব লাগিব যাৰ ফলত আপুনি সফলতা লাভ কৰিব পাৰিব। এই সপ্তাহ আপুনি সফলতা লাভ কৰিবলৈ নিজকে উৎসাহিত কৰিব আৰু নিজৰ শক্তিশালী একাগ্ৰতাৰ ফলস্বৰূপে আপুনি অধ্যয়নত যথেষ্ট ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব। এই সময়ছোৱাত আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰিব পাৰিব কিন্তু এই পৰীক্ষা আপোনাৰ বাবে প্ৰত্যাহ্বানজনক হ’ব। যদিহে আপুনি পৰীক্ষাত উন্নত প্ৰদৰ্শন কৰিব বিচাৰে তেনেহ’লে ভালদৰে প্ৰস্তুতি কৰক।

বৃত্তিগত জীৱন: এই সপ্তাহত কেৰিয়াৰত ভাল সফলতা লাভ কৰাৰ যোগ আছে। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে আপুনি নিজৰ কামত স্বীকৃতি লাভ কৰাৰ প্ৰৱল যোগ আছে। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে, এইখিনি সময়ত ব্যৱসায়ত উন্নতি লাভ কৰিব আৰু লগতে ভাল লাভ প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। লগতে অংশীদাৰী ব্যৱসায় কৰাসকলে ভাল প্ৰদৰ্সন কৰিব পাৰিব।

স্বাস্থ্য: এই সপ্তাহত আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপোনাৰ দৃঢ় সংকল্পৱদ্ধ স্বভাৱ আৰু উদ্যমে আপোনাক স্বাস্থ্যৱান হৈ থকাত সহায় কৰিব। ইয়াৰ উপৰিও শক্তি আৰু উদ্যমৰ ফলস্বৰূপে আপুনি স্বাস্থ্য়ৰ ক্ষেত্ৰত লাভাম্বিত হ’ব।

উপায়: দৈনিক 44 বাৰ 'ঔঁ মন্দায় নমঃ' জপ কৰক।

কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন

মূলাংক 9

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18 বা 27 তাৰিখে হৈছে)

এই সপ্তাহত মূলাংক 9 ৰ জাতকসকলৰ সম্পূৰ্ণ মনোযোগ উচ্চ উপলব্ধি প্ৰাপ্ত কৰাৰ প্ৰতি থাকিব। এই লোকসকলৰ মাজত ভালদৰে পৰিচালনা কৰাৰ সক্ষতা থাকে যাৰ ফলত তেওঁলোকে চাকৰি বা ব্যৱসায়ত লাভ প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। এই সময়খিনিত এই লোকসকল যথেষ্ট শৃংখলাৱদ্ধ আৰু নিয়মানুৱৰ্ত্তী হৈ থাকিব আৰু আগবাঢ়ি যাব। এই জাতকসকলে প্ৰত্যাহ্বানজনক কামত সফলতা লাভ কৰিবৰ বাবে দায়ৱদ্ধ হৈ থাকিব।

প্ৰেম জীৱন: আপোনাৰ জীৱনসঙ্গীৰ সৈতে স্নেহভৰা আৰু শান্তিপূৰ্ণ সম্পৰ্ক ৰক্ষা হ’ব। যদিহে আপুনি কাৰোবাক ভাল পায়, তেনেহ’লে আপোনালোকৰ সম্পৰ্কত এই সময়খিনিত সুখ-শান্তি অটুত থাকিব। আপুনি নিজৰ সম্পৰ্কত জীৱনসঙ্গীৰ প্ৰতি যতেষ্ট সমৰ্পিত হৈ থাকিব। আপুনি জীৱনসঙ্গীৰ সৈতে ৰোমাঞ্চৰ সম্পূৰ্ণ আনন্দ উপভোগ কৰিব আৰু এক সফল সম্পৰ্কৰ মানদণ্ড স্থাপন কৰিব।

শিক্ষা: অধ্যয়নৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনাৰ বাবে অত্যন্ত অনুকূল হ’ব। আপুনি পৰীক্ষাত ভাল নম্বৰ লাভ কৰিব। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং আদি পাঠ্যক্ৰমত আপুনি যথেষ্ট ভাল প্ৰদৰ্শন কৰিব। आदि कोर्स में आप बहुत अच्‍छा प्रदर्शन करेंगे। शिक्षा के मामले में आप कोई विशिष्‍टता हासिल कर सकते हैं। इस समय आपका सारा ध्‍यान पढ़ाई में श्रेष्‍ठता प्राप्‍त करने पर रहेगा।

বৃত্তিগত জীৱন: দিহে আপুনি চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে, তেনেহ’লে আপুনি এইখিনি সময়ত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আনহাতে যদিহে আপুনি চাকৰি কৰে আৰু পদোন্নতিৰ বাবে আশা কৰি আছে তেনেহ’লে এই সপ্তাহটো আপোনাৰ বাবে উত্তম হ’ব। আপুনি অন-চাইট কামৰ সুযোগো লাভ কৰিব পাৰে। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ক সফলতাৰ উচ্চ শিখৰলৈ লৈ যাব পাৰিব আৰু ভাল লাভ প্ৰাপ্ত কৰিব।

স্বাস্থ্য: এই সপ্তাহটো ইতিবাচক হৈ থকাৰ বাবে আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপোনাৰ ইচ্ছা শক্তি উত্তম হৈ থকাৰ লগতে আপুনি দৃঢ় সংকল্পৱদ্ধ হৈ থাকিব। ইয়াৰ প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰতো দেখা যাব। ইয়াৰ উপৰিও ধ্যান আৰু যোগাভ্যাস কৰাৰদ্বাৰা আপুনি লাভাম্বিত হ’ব।

উপায়: দৈনিক 27 বাৰ 'ঔঁ ভূমি পুত্ৰায় নমঃ' মন্ত্ৰ জপ কৰক।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক কৰক: অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰিছোঁ যে আপুনি আমাৰ এই ব্লগটো নিশ্চয় পছন্দ কৰিছে। যদিহে এনে হয় তেনেহ’লে আপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰক। ধন্যবাদ!

Astrological services for accurate answers and better feature

33% off

Dhruv Astro Software - 1 Year

'Dhruv Astro Software' brings you the most advanced astrology software features, delivered from Cloud.

Brihat Horoscope
What will you get in 250+ pages Colored Brihat Horoscope.
Finance
Are money matters a reason for the dark-circles under your eyes?
Ask A Question
Is there any question or problem lingering.
Career / Job
Worried about your career? don't know what is.
AstroSage Year Book
AstroSage Yearbook is a channel to fulfill your dreams and destiny.
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.

Astrological remedies to get rid of your problems

Red Coral / Moonga
(3 Carat)

Ward off evil spirits and strengthen Mars.

Gemstones
Buy Genuine Gemstones at Best Prices.
Yantras
Energised Yantras for You.
Rudraksha
Original Rudraksha to Bless Your Way.
Feng Shui
Bring Good Luck to your Place with Feng Shui.
Mala
Praise the Lord with Divine Energies of Mala.
Jadi (Tree Roots)
Keep Your Place Holy with Jadi.

Buy Brihat Horoscope

250+ pages @ Rs. 399/-

Brihat Horoscope

AstroSage on MobileAll Mobile Apps

Buy Gemstones

Best quality gemstones with assurance of AstroSage.com

Buy Yantras

Take advantage of Yantra with assurance of AstroSage.com

Buy Feng Shui

Bring Good Luck to your Place with Feng Shui.from AstroSage.com

Buy Rudraksh

Best quality Rudraksh with assurance of AstroSage.com
Call NowTalk to
Astrologer
Chat NowChat with
Astrologer